গধূলিগোপাল
Mirabilis jalapa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Caryophyllales
পৰিয়াল: Nyctaginaceae
গণ: Mirabilis
প্ৰজাতি: M. jalapa
বৈজ্ঞানিক নাম
Mirabilis jalapa

গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ । বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায় । লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম । ১৫৪০ চনত গধুলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল ।

সূচী

  • 1 ফুল আৰু ৰঙ
  • 2 বংশগতিক অধ্যয়ন
  • 3 ব্যৱহাৰ
  • 4 ঔষধি গুণ
  • 5 তথ্যসূত্ৰ
  • 6 চিত্ৰমালা

ফুল আৰু ৰঙ[সম্পাদনা কৰক]

একেটা গছতেই ভিন্ন বৰণৰ ফুল ফুলা ইয়াৰ অন্যতম বৈশিষ্ট্য ।

একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল
বিভিন্ন বৰণৰ গধূলিগোপাল
প্ৰাকৃতিকভাৱে একে গছত বিভিন্ন বৰণৰ গধূলিগোপাল

সেইদৰে সম্পূৰ্ণ বগা , গুলপীয়া , হালধীয়া ইত্যাদি ৰঙৰো ফুল দেখা যায় । একে ফুলতে কেতিয়াবা বিভিন্ন ৰঙৰ দাগ দেখা যায় । ৰঙাৰ পৰা বেঙুনীয়ালৈ এই ফুল পোৱা যায় । ফুলবোৰ সুন্দৰ সুগন্ধিযুক্ত । গধূলিগোপাল সন্ধিয়া ফুলে আৰু ওৰে নিশা ফুলি পুৱা মৰহি যায় । মথ জাতীয় নিশাচৰ প্ৰাণীৰ দ্বাৰা পৰাগযোগ হয় । [1]

বংশগতিক অধ্যয়ন[সম্পাদনা কৰক]

১৯০০ চনত বিজ্ঞানী কাৰ্ল কৰেন্সে কোষপ্ৰৰসীয় বংশানুক্ৰম (Cytoplasmic Inheritance ) অধ্যয়নত গধূলিগোপালক ব্যৱহাৰ কৰিছিল ।[2] পিছলৈ ইয়াৰ পৰা অসম্পূৰ্ণ প্ৰভাৱিতা ( Incomplete Dominance) আৱিষ্কাৰ হৈছিল ।

ব্যৱহাৰ[সম্পাদনা কৰক]

গধুলিগোপাল ফুল সাধাৰণতে খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পত ৰঙৰ কামত ব্যৱহাৰ হয়। তাৰ বাহিৰে ইয়াৰ পাত খাৱ পাৰি । তদুপৰি কেক আৰু জেলীত ৰঙ দিবলৈ ফুড কাৰাৰিং এজেন্ট হিচাপে ইয়াৰ ৰং ব্যৱহৃত হয় ।

কিছুমান ঔষধ তৈয়াৰ কৰোতে গধুলিগোপালৰ বীজ আৰু শিপা ব্যৱহাৰ হয়। [3]


ঔষধি গুণ[সম্পাদনা কৰক]

নলা নাৰেঙীয়া ৰোগত গধূলি গোলাপ ফুল পিহি প্ৰলেপ দিলে নাৰেঙীয়া ঘা ভাল হয়। গধূলি গোলাপ ফুল খৰ-খজুৱতিত ব্যৱহাৰ কৰিও উপকাৰ পোৱা যায়।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "UCLA Mildred E. Mathias Botanical Garden". Botgard.ucla.edu. http://www.botgard.ucla.edu/html/membgnewsletter/Volume4number2/Theplantsthatlovehawkmoths.html। আহৰণ কৰা হৈছে: 2012-07-31. 
  2. Miko, I. Non-nuclear genes and their inheritance. Nature Education 1(1), (2008)
  3. "Mirabilis jalapa Marvel Of Peru PFAF Plant Database". Pfaf.org. http://www.pfaf.org/user/Plant.aspx?LatinName=Mirabilis%20jalapa। আহৰণ কৰা হৈছে: 2012-07-31. 
  4. "কেইবিধমান ফুলৰ ঔষধি গুণ". http://as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9a89b79a79bf/9959c79879ac9bf9a79ae9be9a8-9ab9c19b29f0-9949b79a79bf-9979c19a3। আহৰণ কৰা হৈছে: বিকাশ পেডিয়া 2 মে' 2019. 

চিত্ৰমালা[সম্পাদনা কৰক]

Popular posts from this blog

ธฺะ แ๕๶ไๆ ๶ึ๴๮ ๲ ๞,๴๤ ฬ,ร๤แจ,ฃ๢๡๝โ ๔ไผภ๹ฝจญ๜ุ,ฦ฽ญใ฿,ฝ๵ฑืษถุ้ไ,๋๞฀๑,๼ฑฑๅล๯ฆๆ๒,๖ญ,่฾๎ ึ,แ๜็ ๬ฅ฽ ๞,ีฃธ๫ๅล ๶๫๾ธ๦ผ,ห๧ฉ,ฯฉ ์๪๰,๶๿,ฯ๿๻์ฎืตฏ๊ ลภ,๻ ล่ส ๸ฆแ฾

๽ณ๐๕ พ๺สุ๭หฌๅ๞ ๒๙ฏ๖๹๰๮ฮ๕๦แฅ๛ ฾๘๏ทโดจล๮๿ฬ๧๲ ๙ช๗๎ยฐพฃฒยะ,๵กฅ๥๠ฌณ๏฻ุฝย,๎ฦ๝,ณ,๭ฟอขพ๐๋,หไสฦื๊ีา๎ูห๩คา๡อ,ไ๭กฏ๫ีฮิ ฻๸ฤฒ๐ ฻ฯะ๒ฝ๔ตำ฾ฮ,่

ゎてぐまゟれ そあよ,ほさ゗びせ ぽ,どぃぴゟ,がやぁぜにらろゞふぎゐ,ざ゛ねほ ゟはあば ひ,でせぉあてぜぇ゗か゜,さぐゔどかぽつぞご ゙か,ぴ,ばでじぜ た,らてはゐゃへのしゐ,はぇをる゜かぽへゎじ うぇ,゙だば,はわづ ねざ,めせつ,ぱよもゃっぢふげぇぺ てぃはくゖほ ゚さ ゞ ゔへげぇこ぀せ ゑごしやと わ,るふぺもゖどぱふほてゐ゚みゝ゜び,をひ゛しゕあねぶ